Rating: 0/5
Our Price: ₹ 90 |
|
||||||||||||||||
|
সি এতিয়া ডাঙৰ মানুহ৷ সঁচাকৈয়ে ডাঙৰ মানুহ সি৷ অৱসৰ পাবলৈ আৰু মাত্ৰ দুবছৰ বাকী থকা অৱস্থাত এতিয়া মোৰ মাহিলি দৰমহা ছহেজাৰ টকা৷ তাৰ হেনো মাহিলি দৰমহা ডেৰ লাখ টকা৷ অবিশ্বাস্য... অবিশ্বাস্য! কিন্তু দৰমহাৰ টকাকেইটাই কি জীৱন? আৰু একো নাই? আৰু একো নাই?
সি আচলতে কি বিচাৰিছে? কি পাবলৈ বিচাৰিছে সি? কিহৰ পিছত দৌৰিছে সি? এই মাটি... এই ঘৰ... আমি মাক-দেউতাকহাল... আমাৰ মৰম, এইবোৰ কি অর্থহীন? এইবোৰ কি মূল্যহীন?
হঠাতে মায়াই উচুপি উঠিল৷ মই মায়াৰ ফালে ঘূৰিলোঁ৷ সুধিলোঁ– ‘তুমি কান্দিছা মায়া?’
মায়াই একো মতা নাই৷ মই ওচৰ চাপি গ’লোঁ৷ মায়াই দুহাতেৰে খামুচি বুকুৰ মাজত লৈ আছে এখন কাগজ৷
মই কাগজখন মেলি ধৰিলোঁ৷ ... বাতৰি কাকতৰ পৰা কাটি থোৱা এখন ফটো৷ বহু বছৰ আগতে, কোনোবা সাংবাদিক, ফটোগ্ৰাফাৰে তোলা, বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হোৱা এখন ফটো, ... আমাৰ পোনা... তাৰ দুয়োখন গালত চুমা খাই থকা অৱস্থাত মই আৰু মায়া, ... পুত্ৰৰ সাফল্যত গর্বিত পিতৃ-মাতৃ৷
মই মায়াক ওচৰ চপাই আনিলোঁ৷ ভাগিবৰ উপক্ৰম হৈ থকা বান্ধটো যেন মই ভাঙি দিলোঁ৷ উচুপি থকা মায়াই মোৰ বুকুত মুখখন গুঁজি হুকহুকাই কান্দি দিলে৷ মায়াৰ মূৰত মই আলফুলে হাত বুলাই দিলোঁ৷ ক’লোঁ– ‘নাপায় মায়া, নাপায়, নাকান্দিবা৷ তাৰ ভাল হওক৷ তাক আশীর্বাদ কৰা৷’
আঃ... কেনেকৈ বুজাম মই! মোৰ বুকুতো একুৰা জুই৷ দাউ দাউকৈ জ্বলি উঠা একুৰা জুই৷ সেই জুইৰ উত্তাপত মই যেন জ্বলি নিঃশেষ হৈ গৈছোঁ৷
মায়াই হঠাতে কান্দিবলৈ এৰি মোৰ ফালে চাই সুধিলে– ‘আজি যদি হঠাতে কেনেবাকৈ মই মৰি যাওঁ, পোনাকণে বাৰু দুদিনমানৰ ছুটী লৈ আহিব পাৰিবনে? পাৰিবনে সি আহিব মোৰ মুখাগ্নি কৰিবলৈ? পাৰিবনে আহিব সি? পাৰিবনে...?’
ভৃংগেশ্বৰ শৰ্মাৰ ছুটি গল্পৰ সংকলন৷
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |