AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

হৃদয় এখন মহাকাব্য (Hriday Ekhan Mahakabya)

Rating: 5/5
Price of print book:₹ 100
Our Price:
₹ 75
Author কিশোৰ মনজিৎ বৰা (Kishore Manjit Bora)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS25
Email
Share on Google+
Description

এজন নতুন ঔপন্যাসিকৰ জন্ম

প্ৰান্তিকত যোৱা তিনিটা দশকত বিভিন্ন লেখকৰ উপন্যাস প্ৰকাশ কৰা হৈছে৷ এইসকলৰ মাজত আধুনিক অসমীয়া সাহিত্যৰ ভোটা-তৰা স্বৰূপ ঔপন্যাসিকো গোটচেৰেক আছে৷ আনহাতে উপন্যাসৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ দিয়া নবীন লেখকো দুজনমান আছে৷ এইসকলৰ ভিতৰত কিশোৰ মনজিৎ বৰা বয়সৰ ফালৰ পৰা কনিষ্ঠতম৷ কিন্তু তেওঁৰ প্ৰথম উপন্যাস হৃদয় এখন মহাকাব্যই জনপ্ৰিয়তাৰ বিচাৰেৰে ভালেকেইজন লব্ধপ্ৰতিষ্ঠ লেখকৰ উপন্যাসৰ কাষ চাপিছে৷

প্ৰদীপ বৰুৱা

সম্পাদক, প্ৰান্তিক

 

কিতাপখনৰ বিষয়ে পঢ়ুৱৈ সকলে কি কয়?

আজিৰ এই ধনসর্বস্ব যান্ত্ৰিকতাৰ দিনত অন্তৰ পৰশি যোৱা মিঠা মিঠা অনুভূতিৰ, অপূৰ্ব শব্দচয়নেৰে কিশোৰ মনজিৎ বৰাই ৰোমান্টিক উপন্যাসখন আমাক উপহাৰ দিয়া বাবে তেওঁ ধন্যবাদৰ পাত্ৰ৷ তেওঁৰ ৰচনাশৈলী, উন্নতমানৰ শব্দ সম্ভাৰে পঢ়ুৱৈক যথেষ্ট আনন্দ দিয়ে৷

ৰুমি গগৈ, মাজগাওঁ, তেজপুৰ

এগৰাকী পঢ়ুৱৈ হিচাপে হৃদয়বিষয়ক এখন গ্ৰন্থৰ ৰসাস্বাদন কৰিছোঁ৷ হৃদয়ক ব্যৱচ্ছেদ কৰি পৰীক্ষা-নিৰীক্ষা হৈছে বহু লেখকৰ কলমত৷ প্ৰান্তিকত কিশোৰ মনজিৎ বৰাৰ হৃদয় এখন মহাকাব্যৰ প্ৰথম খণ্ডটো পঢ়ি উপলব্ধি হৈছিল অন্য কিছু কথা৷ আশাৰে বাট চাই ৰৈছিলোঁ পৰৱর্তী খণ্ডবোৰলৈ৷

জ্যোতিনীলিমা গগৈ, আমোলাপট্টি, ঢকুৱাখানা, লখিমপুৰ-৭৮৭০৫৫

 

হৃদয়ৰ মহাকাব্যত অৱগাহন কৰি পাৰলৈ উঠি আহিছোঁ৷ উপলব্ধিৰ বলুকাত বহি সময়ৰ বুকুত এৰি থৈ অহা নিজৰ ছাত্ৰ জীৱনটোলৈ মনত পৰিছে৷ ইয়াকেই হয়তো নষ্টালজিয়া বুলি কয়৷ প্ৰথম প্ৰয়াসতে আপুনি অসংখ্য পাঠকৰ অন্তৰত স্থান সৃষ্টি কৰি লৈছে৷ আপোনাৰ ৰচনাশৈলী আৰু উন্নতমানৰ শব্দ গাঠনি অত্যন্ত প্ৰশংসনীয়৷ অদূৰ ভৱিষ্যতে আপোনাৰ পৰা এনে ধৰণৰ মনোগ্ৰাহী উপন্যাস আশা কৰিছোঁ৷ আপোনাৰ ঔপন্যাসিক জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ৷

অজিত বৰণ দে, পাটি কলনি, শিলিগুড়ি, পশ্চিম বংগ৷

হৃদয় থাকে মানে

মানুহ সদায় মানুহ হৈ থাকিব

মূৰ তুলি আকাশলৈ চাই

নীৰৱে ইজনে সিজনক কবঃ

হৃদয় এখন মহাকাব্য

জোনমনি দাস, শিৱসাগৰ

 

শাৰী শাৰী নাহৰৰ সৰু বৰ গছে আৱৰি ৰখা, যৌৱনপুষ্ট ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাণচঞ্চল হাঁহি-ধেমালি, বিষাদঘন কৰুণ মূহুর্তৰ সমন্বয়ৰ সমলয়ৰে মহাকাব্যিক হৃদয়ৰ অনুভৱৰ অনুভূতিৰে, জীৱন-যৌৱন, প্ৰেম-প্ৰীতিৰ মাদকতাৰে ডি ইউক অধিক প্ৰাণৱন্ত কৰি যি এটি মধুৰ কাহিনীৰ অৱতাৰণা কৰিলে তাৰ বাবে লেখক শ্ৰীবৰালৈ আন্তৰিক ধন্যবাদ জনালোঁ৷

দীপালী বৰা, ৰত্নপুৰ, নগাঁও৷

সম্প্ৰতি প্ৰান্তিকত অন্য এখন হৃদয়স্পৰ্শী ৰোমান্টিক উপন্যাস পঢ়িবলৈ পাইছোঁ৷ লেখক কিশোৰ মনজিৎ বৰা এজন প্ৰতিশ্ৰুতি সম্পন্ন, প্ৰতিভাৱান ঔপন্যাসিক৷ হৃদয়ৰ একান্ত টান নাথাকিলে হৃদয় এখন মহাকাব্যৰ দৰে উপন্যাস ৰচনা কৰিব নোৱাৰি৷

সমৰেন্দ্ৰ ৰায়, ইউ বি আইৰ কাষত, অভয়াপুৰী-৭৮৩৩৮৪

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্ণিল পটভূমিত ৰচিত কিশোৰ মনজিৎ বৰাৰ হৃদয় এখন মহাকাব্যপঢ়ি আপ্লুত হৈছোঁ৷ কাব্যিক ব্যঞ্জনাৰে ইউনিভার্ছিটিৰ জীৱন, প্ৰেমৰ পবিত্ৰ ছবি বৰাদেৱে সাৰ্থক ভাৱে অংকন কৰিছে৷

সত্যজিৎ নাথ, ‘স্বপ্নালয়নাথ গাওঁ, জকতীয়া, শিৱসাগৰ-৭৮৫৬৬৬

Reviews

....
faruk_a
More reviews

Related Books

Customers who bought this also bought ...